গুৱাহাটী : শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪০খন বিচনাযুক্ত আইচিইউ নির্মাণ বাবে বুধবাৰে ক’ল ইণ্ডিয়া লিমিটেড আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ মাজত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত হােৱা এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আইচিইউৰ পৰিসৰ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডৰ পৰিচালক মণ্ডলীক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে।
কোম্পানীটোৰ সামাজিক দায়বদ্ধতাৰ কাৰ্যসূচীৰ অংশ হিচাপে ৰূপায়ণ কৰিবলগীয়া এই পদক্ষেপে সমগ্ৰ বৰাক উপত্যকাৰ ৰােগীসকলক জটিল চিকিৎসাজনিত সা-সুবিধা লাভৰ দিশত বিশেষভাৱে সহায় কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
লগতে পঢ়ক : এখন দলং থকা হ’লে আজিৰ মৰ্মান্তিক ঘটনাট সংঘটিত নহ’লহেতেন : অসম জাতীয় পৰিষদ
এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গােবেল, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, ক’ল ইণ্ডিয়া লিমিটেডৰ সঞ্চালক (কর্মচাৰী) বিনয় ৰঞ্জন, ক’ল ইণ্ডিয়া লিমিটেডৰ কাৰ্যৰ্বাহী সঞ্চালক (কমিউনিটি ডেভলপমেন্ট) বি সাইৰাম উপস্থিত থাকে।