গুৱাহাটী : উন্নয়নমূলক প্রকল্প ৰূপায়ণৰ জৰিয়তে ৰাজ্যৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেট সতীর্থসকলৰ উপস্থিতিত অসম চৰকাৰ, নাবার্ড আৰু আইফা (অসম আন্তঃগাঁথনি বিত্তীয় প্ৰাধিকৰণ)ৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।উল্লেখ্য যে নাবার্ড ইনফ্রাস্ট্রাকচাৰ ডেভলেপমেন্ট এচিষ্টেঞ্চ (নিডা) আৰু ৰুৰেল ইনফ্রাস্ট্রাকচাৰ এচিষ্টেঞ্চ টু ষ্টেট গভর্ণমেন্ট (ৰিয়াচ)ৰ জৰিয়তে সমগ্ৰ ৰাজ্যখনৰে গ্ৰাম্য আৰু অৰ্দ্ধনগৰীয়া এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৩,২০০ কোটি টকাৰ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

এই উপলক্ষে আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বুজাবুজিৰ চুক্তিখনক এক ঐতিহাসিক চুক্তি বুলি উল্লেখ কৰি আশা প্রকাশ কৰে যে এই পুঁজিৰে ৰাজ্যখনে উন্নয়নৰ এক নতুন প্রক্রিয়াৰ মাজেৰে গতি কৰিবলৈ সক্ষম হ’ব। এই বুজাবুজি চুক্তিৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে এলানি ব্যাপক মূলধনী পুঁজি ব্যয় প্রকল্প ৰূপায়ণ কৰাৰ কথাও তেওঁ সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ১৩,২০০ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্রকল্প বিশেষকৈ শৈক্ষিক প্রতিষ্ঠান গঢ় দিয়াৰ লগতে অন্যান্য খণ্ডতাে ব্যাপক পুঁজি বিনিয়ােগেৰে আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিব বিচৰা হৈছে। ইয়ে আন্তঃগাঁথনিৰ শক্তিশালী ভেটি গঢ়ি তােলাৰ লগতে বিকাশৰ এক নতুন যুগৰ সূচনা কৰিব।

এই বুজাবুজিৰ চুক্তিত থকা আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন প্রকল্পৰ কথা আলােকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বৃহৎ পুঁজিৰ জৰিয়তে অভিযান্ত্রিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ষ্টেডিয়াম, পর্যটন কেন্দ্র, শীতলীকৰণ ভঁৰাল ইত্যাদি নির্মাণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অহা ৩ বছৰৰ ভিতৰত এই প্রকল্পসমূহৰ নির্মাণ প্রক্রিয়া আৰম্ভ কৰা হ’ব। অনুষ্ঠানত ভাষণ প্রদান কৰি বিত্ত মন্ত্রী অজন্তা নেওগে কয় যে এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিভিন্ন ব্যাপক মূলধনী পুঁজি ব্যয় প্রকল্প ৰূপায়ণ কৰা হ’ব। ইয়াৰ জৰিয়তে ৰাজ্যখনে উন্নয়নৰ এক নতুন গতি পথেৰে আগুৱাই যাবলৈ সক্ষম হ’ব। নাবাৰ্ডৰ পৰিচালন সঞ্চালক পি ভি এছ সূৰ্য্যকুমাৰে অনুষ্ঠানত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে মুখ্যমন্ত্ৰীৰ প্ৰয়াসৰ বাবে অতি কম সময়ৰ ভিতৰতে আন্তঃগাঁথনি উন্নয়নমূলক এই চুক্তিখন স্বাক্ষৰিত হােৱাটো সম্ভৱপৰ হ’ল।

লগতে পঢ়ক  :  এফালে আলোচনা আনফালে অসমৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ মিজো সাংসদৰ

মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহাই আদৰণী ভাষণ দিয়া আজিৰ এই বৈঠকত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রীসকল, ৰাজ্যৰ মুখ্য সচিব, বেংকিং খণ্ডৰ কেইবাগৰাকীও প্রতিনিধি, নাবাৰ্ডৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply