গুৱাহাটী : চিপাঝাৰৰ গৰুখুটি ঘটনাত আৰক্ষীৰ বৰ্বৰতা আখ্যা দি ঘটনাক তীব্ৰ নিন্দা আৰু গৰিহণা জনায় এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক প্ৰেছ বিবৃতিত মৌলানা বদৰুদ্দিন আজমলে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে নিহত ব্যক্তি সকলৰ নিকট আত্মীয়ক ক্ষতিপূৰন দিবলৈ চৰকাৰক দাবী জনায়৷

এআইইউডিএফৰ সভাপতি গৰাকীয়ে কয় ‘যি সকলে এনেদৰে বৰ্বৰতাৰে এই ঘটনা সংঘঠিত কৰিলে তেওঁলোকে নিজৰ লৰা-ছোৱালী-পৰিয়ালৰ কথাও চিন্তা কৰিব লাগে, নিজৰ পৰিয়াল সমূহো যদি এনেদৰে মুক্ত আকাশৰ তলত থকিব লগীয়া হয় তেন্তে কেনে অনুভৱ হ’ব পাৰে”৷ চৰকাৰে এনেদৰে উচ্ছেদ কৰাৰ পূৰ্বে এই ক’ভিডৰ সময়ত মানবীয় দৃষ্টি ভংগীৰে এই সকল লোকক আন ঠাইত সংস্থানৰ ব্যৱস্থা কৰিলে এনে পৰিস্থিতিৰ সৃষ্টি নহ’লহেতেন। মৌলানা বদৰুদ্দিন আজমলে লগতে উচ্ছেদ কৰা পৰিয়াল কেইটাক আন ঠাইত অতি শীঘ্ৰে সংস্থাপন কৰি সমস্যাটোৰ সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়৷

লগতে পঢ়ক : আৰক্ষীৰ গুলীত আহত ব্যক্তিক আক্ৰমণ কৰা বিজয় বণিয়া গ্ৰেপ্তাৰ

এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে সংবাদ মাধ্যমত প্ৰত্যক্ষ কৰা ফটোগ্ৰাফাৰ এজনে যি বৰ্বৰ আচৰন কৰি আৰক্ষীৰ গুলীত মাটিত ঢলি পৰা ব্যক্তি এজনৰ শৰীৰৰ ওপৰত যিদৰে জপিয়াই পৰি আক্ৰমণ চলায়, সেই ফটোগ্ৰাফাৰ জনক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈও বিবৃতিটোত দাবী জনায়। উল্লেখ্য যে আৰক্ষীয়ে ইতিমধ্যে ফটোগ্ৰাফাৰ বিজয় বণিয়াক গ্ৰেপ্তাৰ কৰিছে। বিজয় বণিয়া বর্তমান চিআইডিৰ জিম্মাত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply