মাজুলীঃ মাজুলী ৰঙাচাহী মহাবিদ্যালয়ত শোকাকুল পৰিবেশ।
মহাবিদ্যালয়খনৰ অধ্যাপিকা পৰিমিতা দাসৰ ফেৰী দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাৰ পিছতে এক বুজাব নোৱাৰা পৰিবেশে বিৰাজ কৰিছে মহাবিদ্যালয় খনত।
শোকত ভাগি পৰিছে ছাত্ৰ -ছাত্ৰী সকলৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী সকল।
বুধবাৰে নিমাতীঘাটৰ পৰা কমলাবাৰী দিশে গৈ থকা মা কমলা নামৰ ফেৰীখনক বিপৰীত দিশৰ পৰা আহি থকা এছ বি ত্ৰিপৰাই নামৰ আনখন ফেৰীৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হৈছিল এই ভয়াবহ দুৰ্ঘটনাটো।
লগতে পঢ়কঃদুৰ্ঘটনাগ্ৰস্ত নাৱৰ ওপৰৰ ভাগ কাটি পেলোৱাৰ সিদ্ধান্ত; পুৱা নিমাতীলৈ ৰাওনা হ’ব মুখ্য মন্ত্ৰী
দুয়োখন ফেৰীত প্ৰায় ৪০খনৰো অধিক বাইক আৰু ১৫০ৰো অধিক যাত্ৰী আছিল। এই দুৰ্ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে ।
এনডিআৰএফ আৰু এছডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে ।
বৰ্তমানলৈ ৮২জন লোকক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। বহুলোক এতিয়াও বহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ আছে।