মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ ভিতৰত ৫ নম্বৰ ৰাজ্যলৈ আনিব বুলি নিৰ্বাচনৰ সময়ত যি কথা কৈছিল বৰ্তমান সময়ত কিমান দূৰ সফল হৈছে। বৰ্তমান সময়ত উন্নয়ন কি হৈছে সেইয়া গম পোৱা নাযায় কিন্তু এনকাউন্টাৰত অসম তৃতীয় হৈছে বুলি কটাক্ষ কৰে সাংসদ অজিত ভূঞাই।
কীৰ্তি কমল বৰাৰ এনকাউন্টাৰৰ ঘটনাই বহু লোকৰ চকু খুলি দিলে। তেতিয়াহে এনকাউন্টাৰ সমৰ্থন কৰাৰ বহু লোকে বুজিলে যে এনকাউন্টাৰ ৰাজনীতি কিমান ভয়ংকৰ হ’ব পাৰে পাৰে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।
হিমন্ত বিশ্বৰ চৰকাৰৰ আমোলত অসমৰ সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা শূণ্য হৈ পৰিছে ।
মুখ্যমন্ত্ৰীয়ে আইন কানুন , বিচাৰক সকলো হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি ৰূপত অৱৰ্তীৰ্ণ হৈছে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে বিৰোধী শক্তিৰ বাহিনীক আওঁপকীয়াকৈ হত্যা কৰিবলৈ পুলিচ বাহিনীক টিগাৰ টিপিবলৈ উৎসাহিত কৰিছে । চৰকাৰৰ অপকৰ্মৰ বিৰুদ্ধে অসমৰ ৰাইজ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ।
কিন্তু প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকসকলক ভাবুকি দিবলৈ পুলিচক টিগাৰ টিপিবলৈ ট্ৰেইনিং দিছে মুখ্যমন্ত্ৰীয়ে । অসমত মানুহে এতিয়া মুকলিকৈ কথা ক’বলৈ ভয় কৰে। মুকলিকৈ কথা কোৱাৰ এতিয়া অসমত অৱকাশ নাই ।
ক্ষমতাই মূৰত ধৰা অপৰিপক্ক ৰাজনীতি ,ক্ষমতা হেৰুৱাৰ ভয় খালে এনেধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে । আৰু হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উদাহৰণ বুলি কয় সাংসদ গৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই বুজি উঠক ৮০ আৰু ৯০ দশকলৈ উভতি যাব নিবিচাৰে অসমৰ জনতা বুলি কয় সাংসদ ভূঞাই।
লগতে পঢ়ক- বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী শকুন্তলা চৌধাৰীৰ দেহাৱসান
প্ৰতিটো এনকাউন্টাৰৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলি কীৰ্তি কমল বৰাক বিনা দোষত গুলিওৱাৰ অপৰাধত অতি সোনকালে আনন্দ মিশ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলিও সংবাদমেলত কয় ভূঞাই। হিমন্তৰ আৰ্শীবাদত সমাজ সংস্কাৰৰ সমগ্ৰ দায়িত্ব লৈ লৈছিল আনন্দ মিশ্ৰই।
মাজুলী উপ নিৰ্বাচনৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীলৈ পূৰ্ণ সমৰ্থন আঞ্চলিক গণ মৰ্চাৰ বুলিও উল্লেখ কৰে সাংসদ অজিত ভূঞাই।