নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ সৈতে মিলি চৰকাৰ গঠনৰ সপোন দেখা আঞ্চলিক গণ মৰ্চাৰ নেতা সাংসদ অজিত কুমাৰ ভূঞাই অখিল গগৈৰ জয় সহানুভূতি জয়ৰ আখ্যা দিলে ।
নিজা দলৰ দুজন প্ৰাৰ্থী দিছপুৰত মনজিত মহন্ত আৰু বোকাখাতত প্ৰনব দলেক ৰাইজে প্ৰত্যাখান কৰাৰ পিছত বিলাসী হোটেলত আয়োজন কৰা সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞাই কয়,’কাৰাবাসত থকাৰ বাবেই অখিল গগৈয়ে সহানুভূতি বুটলিবলৈ সক্ষম হৈছে’ ।
সংগ্ৰামী অখিল গগৈৰ এতিয়া বহু খিনি দায়িত্ব বাঢ়িল বুলিও উল্লেখ কৰে সাংসদ গৰাকীয়ে ।
সংবাদ মেলত সাংসদ ভূঞাৰ বক্তব্য, “বিৰোধী শক্তি ঐক্যবদ্ধ হব নোৱাৰাৰ বাবেই বিজেপিৰ বিজয় হ’ল । কোনো প্ৰস্তুতিৰ অবিহনেই নিৰ্বাচনী যুঁজত নমাৰ বাবে লুৰীণজ্যোতি গগৈ পৰাজয়ৰ সন্মুখীণ হ’ল।”
সংবাদমেলত অজিত ভূঞাই বৰ্তমান সময়ত বিজেপি দলৰ চৰকাৰ গঠনক লৈ হোৱা পলমৰ প্ৰসংগ কথা প্ৰসংগত কয়, “মুখ্যমন্ত্ৰীকেন্দ্ৰিক বাদ-বিসম্বাদ আৰম্ভ হৈছে বিজেপি দলৰ মাজত”।