গুৱাহাটীঃ গুৱাহাটীৰ সাংসদ কুইন ওজা ক’ভিড প’জিটিভ ।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে সাংসদগৰাকীক।
যোৱা কেইদিনমানত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছে সাংসদ গৰাকীয়ে।
উল্লেখ্য যে, অসমত উদ্দেগজনক ভাৱে বৃদ্ধি হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা । ক’ভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে আলোচনা GMCH কৰ্তৃপক্ষৰ।
যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ।
ক’ভিড পৰিস্থিতিৰ বাবে সাজু কৰা হৈছে GMCH, MMCH, কালাপাহাৰ মেডিকেল, সৰুসজাই ক’ভিড কেয়াৰ চেন্টাৰ।
লগতে পঢ়কঃ”ষড়যন্ত্ৰৰ বলি হ’লো! অসম এৰি গুচি যাম মই”: উদ্ধৱ ভৰালী
ক’ভিড পৰিস্থিতিৰ বাবে গুৱাহাটীত ১৫০৩ বিছনা সাজু কৰি ৰখা হৈছে । ইয়াৰে ভিতৰত আই চি ইউ বেড ৩৩৬, অক্সিজেন বেড ৩৩৭।
সৰু সজাই ক’ভিড কেয়াৰ চেন্টাৰত বৰ্তমান ৩০ জন লোক চিকিৎসাধীন হৈ আছে।
বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে সাময়িক ভাৱে বন্ধ ৰখা হৈছে MMCH ৰ নিৰ্মাণৰ কাম। MMCH ৰ ক’ভিড পৰিস্থিতিৰ বাবে সাজু হৈ আছে ২০৩ খন বিছনা।
সকলো লোককে মাস্ক পিন্ধি বাহিৰলৈ ওলাবলৈ আহ্বান জনাইছে GMCH ৰ অধীক্ষক অভিজিত শৰ্মাই।