নিউজ ডেস্কঃ আজি গুৱাহাটীত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হয়। এই কৃত্ৰিম বানৰ ফলত ভীষণ সমস্যাৰ সন্মুখীন হয় মহানগৰবাসী। তাৰ মাজতে গুৱাহাটী পৌৰসভা নিৰ্বাচনত নৱ নিৰ্বাচিত পৰিষদসকলে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰে। দ্বিতীয়বাৰৰ বাবে গুৱাহাটী পৌৰনিগমৰ মেয়ৰ হিচাপে শপত লয় মৃগেন শৰণীয়াই।
গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় জিএমচি নিৰ্বাচনৰ পাছৰ প্ৰথমখন সভা। এই সভাতে নৱ-নিৰ্বাচিত পৰিষদসকলে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ, অশোক সিংহল, ৰাজ্যিক উদ্ভাবন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা, ৰাজ্যসভাৰ সাংসদ ভুৱেনশ্বৰ কলিতা, পবিত্ৰ মাৰ্ঘেৰিটা, পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, কামৰূপ মেট্ৰো জিলাৰ উপায়ুক্ত মহোদয়, নৱ-নিৰ্বাচিত গুৱাহাটী পৌৰনিগমৰ পৌৰপতি মৃগেন শৰণীয়া, উপ-পৌৰপতি স্মিতা ৰয়সহ নিৰ্বাচিত পৰিষদ সকল।