মুকালামুৱা, আজিজ আলীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ২ নম্বৰ ঘোগাৰ পৰা আজি আটক কৰা হৈছে এজন ড্ৰাগছ সৰবৰাহকাৰীক। আদাবাৰী পহৰা আৰক্ষী চকী আৰু  মুকালমুৱা থানাৰ যুটীয়া অভিযানত ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰা হয়।

জানিব পৰা মতে, ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম ৰমজান আলী ।  ড্ৰাগছ সৰবৰাহকাৰী জনে দীৰ্ঘদিন ধৰি বালিকুচি ঘোগাত ৰমৰমীয়া বেহা চলাই আহিছিল।

ইফালে, অভিযানত ২৭ টা ড্ৰাগছ কোন্টেইনাৰ  ৬২ টা টেবলেট, নগত পাঁচ হাজাৰ টকা আৰু মোবাইল ফোন দুটা জব্দ কৰিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply