মুকালমুৱাইঃ মুকালমুৱাৰ বামুনবড়ীত শোকবহ পথ দুৰ্ঘটনা ৷ সৰস্বতী পূজালৈ আহি প্ৰাণ হেৰুৱালে ছাত্ৰই ৷ তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ছাত্ৰ ৷

নিহত ছাত্ৰজন বামুনবড়ী শ্বহীদ সোঁৱৰণি মহাবিদ্যালয়ৰ ছাত্ৰ সত্যজিৎ নাথ (২১) ৷ দুৰ্ঘটনাত আহত আন দুজন ছাত্ৰ ৰাহুল নাথ আৰু চম্পক নাথ ৷ গুৰুত্বৰভাৱে আহত ৰাহুল নাথক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়কঃসোণাৰিৰ নামতোলাত ড্ৰাগছসহ আটক দুই ড্ৰাগছ মাফিয়া

তিনিওজন যুৱকে AS-14E-8468 নম্বৰৰ গ্লেমাৰ বাইকেৰে দৌলাশালৰ দিশৰ পৰা কলেজলৈ আহি আছিল ৷ কলেজৰ সন্মুখতে AS-26C-5175 নম্বৰৰ তীব্ৰ বেগী ডাম্পাৰখনে সন্মুখৰ পৰা মহতিয়াই নিয়ে তিনিওকে ৷

ছাত্ৰকেইজন বৰক্ষেত্ৰীৰ ঘৰুৱাবাহৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত দৌলাশাল আৰক্ষী পলমকৈ উপস্থিত হোৱাৰ অভিযোগত ছাত্ৰ আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷

ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্য়স্ত কৰে শ শ উত্তেজিত ছাত্ৰ আৰু ৰাইজে ৷ দৌলাশাল আৰক্ষী গ’বেক ধ্বনীৰে উত্তাল প্ৰতিবাদ প্ৰতিবাদকাৰীৰ। বৰ্তমানলৈকে নিয়ন্ত্ৰনলৈ অহা নাই পৰিস্থিতি ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply