মুকালমুৱাঃ এফালে মনত শিক্ষা গ্ৰহণৰ দুৰন্ত হেপাহ। আনফালে বিদ্যালয়লৈ যাবলৈও বিপদসংকুল যাত্ৰা। তথাপিও পিঠিত কিতাপৰ বেগ লৈ ভৱিষ্যত গঢ়াৰ সপোন লৈ টুলুঙা নাৱৰে পানীৰ মাজেৰে যাত্ৰা কৰি প্ৰতিদিনে বিদ্যালয়ত উপস্থিত হয় এজাক শিশু। উদ্দেশ্য এটাই পঢ়ি শুনি এজন ভাল মানুহ হোৱা।

লগতে পঢ়কঃশোণিতপুৰ জিলাত ৩৯৭ গৰাকী বিশেষ নিৰীক্ষকে গুণোৎসৱত শিক্ষাৰ্থীসকলৰ বিগত লকডাউনৰ বৰ্ষৰ পাৰদৰ্শিতাৰ মূল্যায়ন কৰে

ৰাজ্যত চলি থকা তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ বাবে ভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহৰ সমান্তৰালকৈ কালাৰদিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা ছাত্র-ছাত্ৰী সকলো প্ৰস্তুত হৈছে গুণোৎসৱৰ কাৰণে। বিদ্যালয়খন ব্ৰহ্মপুত্ৰ নৈৰ এটি সুঁতিৰ দাঁতিত অৱস্থিত হোৱা কাৰণে সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী সুঁতিটোৰ আনটো পাৰৰ পৰা আহিব লাগে। হাজাৰ বাধাকো নেওচি কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে নিতৌ টুলুঙা নাঁৱৰে ব্ৰহ্মপুত্ৰৰ সুতিঁটো বিপদসংকুলভাৱে পাৰ হৈ শিক্ষা গ্ৰহণ কৰিবলৈ বিদ্যালয়ত উপস্থিত হয়। গতিকে এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱকসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply