মুকালমুৱাঃ নলবাৰী জিলাৰ মুকালমুৱাত চিপ লৈ আত্মহত্যা কৰিলে এজন ২২ বছৰীয়া যুৱকে।
মুকালমুৱাৰ সাপকাটা আমৰতলত সংঘটিত হৈছে এক কৰুণ ঘটনা। পেছাত ৰঙৰ কাম কৰা যুৱকজনে কি কাৰণত আত্মহত্যা কৰিলে সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই।
লগতে পঢ়কঃমৰিয়নিত আঘাতপ্ৰাপ্ত বাঘক লৈ বনবিভাগৰ সন্মুখতে নিৰ্লজ্জ কাণ্ড
বাথৰূমৰ ভিতৰত চাঁদৰেৰে চিপ লৈ আত্মহত্যা কৰা বুলি জনাইছে যুৱকজনৰ মাতৃয়ে।
মৃত যুৱকজনক পোষ্টমৰ্টেমৰ বাবে মুকালমুৱা আৰক্ষীয়ে নলবাৰীলৈ প্ৰেৰণ কৰিছে।