মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা সচিব আইএএছ বিষয়া মুকেশ চাহু বুধবাৰে জিলাখনত উপস্থিত হৈ জিলাখনৰ তিনিখনকৈ আদৰ্শ ক’ভিড ভেকচিন চেন্টাৰ, ঐতিহাসিক মিৰজুমলাৰ কবৰ, কামাখ্যা মন্দিৰ আৰু ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে। বুধবাৰে দিনৰ প্ৰায় ১২ বজাত গুৱাহাটীৰ পৰা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হৈ নতুন চৰকাৰে জিলাখনৰ দায়িত্ব দিয়া অভিভাৱক সচিব আইএএছ বিষয়া মুকেশ চাহু।

আইএএছ বিষয়া গৰাকী হাটশিঙিমাৰী আৱৰ্ত ভৱনত উপস্থিত হৈ দুপৰীয়াৰ অহাৰ গ্ৰহণ কৰি জিলাৰ সদৰত থকা হাটশিঙিমাৰী প্ৰেক্ষাগৃহস্থিত আদৰ্শ ক’ভিড ভেকচিন চেন্টাৰত দিনৰ প্ৰায় ২.৩০ বজাত পৰিদৰ্শন কৰে। একেদৰে কুকুৰমাৰাস্থিত গজাৰীকান্ধী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আদৰ্শ ক’ভিড ভেকচিন চেন্টাৰখন দিনৰ প্ৰায় ৩ বজাত পৰিদৰ্শন কৰি মানকাচৰ জেএম উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত চলি থকা আদৰ্শ ক’ভিড ভেকচিন চেন্টাৰত দিনৰ প্ৰায় ৩.৩০ বজাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

লগতে পঢ়ক : ২৮টা স্বৰ্ণ বিজয়ী আন্তঃৰাষ্ট্ৰীয় পাৰালিম্পিক শ্বুটাৰ এতিয়া ৰাষ্টাৰ চিপছ বিক্ৰেতা!

বিষয়া গৰাকীয়ে এই তিনিখন আদৰ্শ ক’ভিড ভেকচিন চেন্টাৰ পৰিদৰ্শন কৰাৰ পিছত মানকাচৰৰ অসম-মেঘালয় সীমান্তত থকা ঐতিহাসিক মিৰজুমালাৰ কবৰ দিনৰ প্ৰায় ৩.৪৫ বজাত পৰিদৰ্শন কৰে। তদুপৰি মানকাচৰ কামাখ্যা মন্দিৰত দিনৰ প্ৰায় ৪ বজাত উপস্থিত হৈ মন্দিৰৰ পৰিস্থিতিৰ বুজ লৈ বিয়লি প্ৰায় ৪.১৫ বজাত মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা বিএছএফ কেম্পত উপস্থিত হৈ কাইটীয়া তাঁৰৰ বেৰ থকা সীমান্তৰ বুজ লয়। অভিভাৱক সচিব গৰাকীৰ পৰিদৰ্শনৰ সময়ত জিলা উপায়ুক্ত এইচ এন গৌতম, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাস, মানকাচৰ ৰাজহ চক্ৰ বিষয়া শ্বাহানাজ ইকবাল, জিলা ক’ভিড টীকাকৰণ বিষয়া ডাঃ ছিৰাজুল ইছলাম, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আশ্ৰাফ আলীসহ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply