মঙলদৈঃ সুদীৰ্ঘ ৪বছৰৰ মূৰত স্ব-ভূমিত উপস্থিত হ’ল মঙলদৈৰ মুকুল হাজৰিকা।
২০১৭ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট মঙলদৈৰ জনাৰামচৌকাৰ মুকুল হাজৰিকা নামৰ ৰিক্সাচালক জন সময়ৰ মেৰপেচত বাংলাদেশ পাইছিলগৈ।
বাংলাদেশত অবৈধ প্ৰৱেশৰ বাবে জেলতে কটাব লগা হৈছিল। কিন্তু অভিভাৱকৰ অভাৱত জেলৰ ম্যাদ উকলাৰ পাছতো বাংলাদেশৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাছিল ৩ সন্তানৰ পিতৃ মুকুলক।
অৱশেষত নৱ নিযুক্ত দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ পৰা বিষয়টো অৱগত হোৱাৰ পাছতে গৃহবিভাগৰে যোগাযোগ কৰে আৰু প্ৰায় ১ মাহ কাল বিষয়টো আলোচনাৰ অন্তত ১১ ছেপ্তেম্বৰত দৰং আৰক্ষীৰ উপ পৰিদৰ্শক ডান্টেজিৎ দেউৰীক মুকুলৰ পিতৃ ফুলেশ্বৰ হাজৰিকাৰ লগত প্ৰেৰণ কৰে ।
লগতে পঢ়কঃপৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ : বিগত ৮০ দিন ধৰি ৫০ হাজাৰৰ তলত
আৰক্ষীৰ তৎপৰতাত জন্মভূমিত উপস্থিত হ’বলৈ সক্ষম হ’ল মুকুল।
মঙ্গলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ তত্বাৱধানত সদৰ থানাত কিছু সময় ৰাখি হাজৰিকাৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত স্বগৃহ লৈ যায় আৰক্ষীয়ে।
মুকুল হাজৰিকা স্ব-গৃহত উপস্থিত হোৱাৰ পিছতেই তেওঁৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। মুকুলক দেখাৰ লগে লগে পত্নী-আত্মীয়সকলৰ মাজত কান্দোনৰ ৰোল উঠে। ইমানদিনে ঘৰৰ পৰা আতৰি থকা মুকুলক নীতি-নিয়মৰ মাজেৰে নিজ গৃহলৈ আদৰে আত্মীয়সকলে।
পিছে কি পৰিস্থিতিত কেনেকৈ মুকুল হাজৰিকা বাংলাদেশ পালেগৈ সেই সন্দৰ্ভত সাংবাদিকৰ আগত এতিয়ালৈকে মুকুল হাজৰিকাই একো প্ৰকাশ কৰা নাই।