নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে চলালে অভিযান। গুৱাহাটীৰ বামুনীমৈদামস্থিত ডিএছ গ্ৰুপৰ কাৰ্যালয়ত এই অভিযান চলাই মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে। জানিব পৰা মতে, বুধবাৰৰ দিনৰ ১.৩০ বজাৰ পৰা এই অভিযান চলাই থকা হৈছিল।
ইতিমধ্যে মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই বন্ধ কৰি দিছে ডিএছ গ্ৰুপৰ কাৰ্যালয়ত। অবৈধ ভাৱে গুটখা, পান মচালা বহিঃৰাজ্যত সৰবৰাহ কৰাৰ বাবে ৮০২/২০২১ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩২৮/১৮৮/২৭২/২৭৩ আৰু ইউএছ ২৬/(২)(আই) ২৬(২)(iv) খাদ্য সুৰক্ষা আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছিল।

এই গোচৰৰ ভিত্তিতেই মহাৰাষ্ট্ৰ আৰক্ষীৰ অপৰাধ শাখাই বামুনীমৈদামৰ ডিএছ গ্ৰুপৰ কাৰ্য্যালয়ত অভিযান চলাই বহু আপত্তি জনক নথিপত্ৰ জব্দ কৰাৰ লগতে মুখ্য কাৰ্যালয়টো ছীল কৰে। অভিযান চলোৱা এগৰাকী বিষয়াই কয়- ‘এতিয়াটো কাৰ্যালয়টো ছীল কৰা হৈছে। ইয়াৰ পাছত ন্যায়ালয়লৈ ৰিপৰ্ট প্ৰেৰণ কৰা হ’ব। আৰু ন্যায়ালয়ে যি নিৰ্দেশ দিব সেই মতেই কামবোৰ আগুৱাই নিয়া হ’ব।’