নিউজ ডেস্ক : বলিউডৰ চিৰসেউজ অভিনেত্ৰী মুমতাজে আজি ৭৪ বছৰত ভৰি দিলে। নিজৰ অভিনয়ৰ যাদুৰে যোৱা ৬০ৰ আৰু ৭০ৰ দশকত দৰ্শকক মুগ্ধ কৰি ৰখা এই গৰাকীয়ে স্বনামধন্য অভিনেত্ৰীয়ে উপহাৰ দিছিল এখনৰ পিছত আনখন ‘হিট’ ছবি।
৭৪ বছৰত ভৰি দিয়া এই মহান অভিনেত্ৰী গৰাকীক ইষ্টম’জ’ৰ পৰিয়ালৰ ফালৰ পৰা জন্মদিনৰ আন্তৰিক শুভেচ্ছা। জন্মদিনৰ দিনা তেওঁ অভিনয় কৰা ৪ খন কালজয়ী হিন্দী বোলছবি উপভোগ কৰক।
ৰাম ঔৰ শ্যাম – বলিউডৰ এখন সৰ্বলাকৰ ‘ছুপাৰহিট’ ছবি ‘ৰাম ঔৰ শ্যাম’ মুক্তিৰ সময়ত যথেষ্ট খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ছবিখনত দিলীপ কুমাৰ, ওয়াহিদা ৰহমান আৰু মুমতাজৰ অভিনয় চাবলৈ ছবি গৃহত দৰ্শকৰ সোঁত বৈছিল। দুজন যঁজা ভাতৃৰ কাহিনীক লৈ আগবঢ়া এই ছবিখনত দিলীপ কুমাৰে ‘ডাবল’ ৰ’লত অভিনয় কৰিছিল। ১৯৬৭ চনত ছবিখনে মুক্তি পাইছিল।
আদমী ঔৰ ইনছান – ১৯৬৯ চনত মুক্তি পোৱা এই ছবিখনত মুমতাজৰ উপৰি ধৰ্মেন্দ্ৰ, ফিৰোজ ছাইৰা বানু আদিয়ে অভিনয় কৰিছিল। ছবিখনৰ মূল বিষয় হ’ল দুজন বন্ধুৰ একেগৰাকী যুৱতীৰ প্ৰতি গঢ় লৈ প্ৰেম আৰু তাক লৈ সৃষ্টি হোৱা সংঘাত। কেইবা গৰাকী তাৰকাৰ অভিনেতা থকা এই ছবিখনত মুমতাজৰ অভিনয় দৰ্শকে আদৰি লয়।
অপৰাধ – ১৯৭২ চনত নিৰ্মিত, এজন ৰে’চ কাৰ চালক আৰু অলংকাৰ চুৰিৰ লগত জড়িত এগৰাকী যুৱতী মাজৰ সম্পৰ্কক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই ছবিখন দৰ্শকৰ মাজত যথেষ্ট সফল হৈছিল। ছবিখনৰ এটা দৃশ্যত বিকিনি পৰিধান কৰি মুমতাজে আলোড়নৰ সৃষ্টি কৰিছিল। ছবিখনত মুমতাজৰ বিপৰীতে ফিৰোজ খানে অভিনয় কৰিছিল।
তেৰে মেৰে ছপনে – বিজয় আনন্দৰ ‘তেৰে মেৰে ছপনে’ এখন গভীৰ মৰ্মস্পৰ্শী ছবি। বিবাহ আৰু বন্দুত্বৰ এনাজৰীক অতি সুন্দৰকৈ তুলি ধৰা এই ছবিখনত মুমতাজ আৰু দেব আনন্দৰ যুটিয়ে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। ১৯৭১ চনত এই ছবিখনে মুক্তি লাভ কৰিছিল।
লগতে পঢ়ক :