মঙলদৈঃ পৌৰসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ মঙলবাৰে অন্তিম দিন। মঙলদৈ পৌৰসভাৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে বিজেপি, কংগ্ৰেছ, অগপ দলৰ লগতে বহু কেইজন নিৰ্দলীয় প্ৰাৰ্থী ওলাই অহা পৰিলক্ষিত হয়।
বিজেপি দলে ৮টা ৱাৰ্ড, কংগ্ৰেছ দলে ১০টা ৱাৰ্ড আৰু অগপ দলে দুখন আসনৰ মনোনয়ন দাখিল কৰে। উল্লেখ্য যে, বিজেপি দলে বিশাল শোভাযাত্ৰা কৰি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিল। দলীয় টিকটৰ পৰা বঞ্চিত হৈ বহু কেইগৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় ভাবেও মনোনয়ন পত্ৰ দাখিল কৰা দেখা যায়।
তাৎপৰ্যপূৰ্ণ যে, বিগত বছৰৰ মঙলদৈ পৌৰ সভাৰ সভাপতি তথা বিজেপিৰ নেতাও বঞ্চিত দলৰ টিকটৰ পৰা। সেয়েহে পূৰ্বৰ সোৱাদ এৰিব নোৱাৰি এইবাৰ নিৰ্দলীয় হৈয়েই দাখিল কৰিলে মনোনয়ন।
১০ টা ৱাৰ্ডৰে গঠিত মঙলদৈ পৌৰ সভাখনৰ ভোটাৰৰ সংখ্যা ২১০০১। কংগ্ৰেছ দলে ১০টা ৱাৰ্ডতে মনোনয়ন দাখিল কৰে।