মঙলদৈঃ অহা কাইলৈ অৰ্থাৎ ৬ মাৰ্চত সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন। ইতিমধ্যে চৰকাৰ-প্ৰশাসন সাজু হৈ উঠিছে নিৰ্বাচন সুকলমে পাৰ কৰিবলৈ ৷ ৰাজ্যৰ আন প্ৰান্তৰ লগতে দৰং জিলাতো অনুস্থিত হ’বলগীয়া তিনিটা পৌৰ সভা নিৰ্বাচনৰ বাবেও দৰং জিলা প্ৰশাসন সাজু হৈ উঠিছে৷

শনিবাৰৰ পুৱাৰ ভাগৰ পৰা বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰলৈ পুলিং, প্ৰিজাইডিং বিষয়া সহ যাৱতীয় সামগ্ৰী লৈ ৰাওনা হৈছে বিষয়া সকল৷

মঙলদৈ পৌৰসভাত মুঠ ২৪ টা ভোটগ্ৰহণ কেন্দ্ৰত ২০,২৫০ জন ভোটাৰে বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ২৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ মঙলদৈ পৌৰসভাত মুঠ ২৪ টা ভোটগ্ৰঙণ কেন্দ্ৰত ভোটদান কৰা হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,588 other subscribers

Leave a comment

Leave a Reply Cancel reply