গুৱাহাটীঃ ৬মাৰ্চত পৌৰসভা নিৰ্বাচনৰ দিন ঘোষণা , ৯ মাৰ্চত হ’ব ভোট গণনা। ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদমেল যোগে জনালে পৌৰ নিৰ্বাচন দিন।

কভিডসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পথ সভা আৰু ৰেলি আৰু ৰাজহুৱা সভা নিষিদ্ধ কৰিছে নিৰ্বাচন আয়োগে। প্ৰথম বাৰৰ বাবে EVMৰ জৰিয়তে হব পৌৰসভা নিৰ্বাচন।

লগতে পঢ়কঃ“সত্ৰৰ ভূমি বেদখল হৈছে যদি সেই বেদখল মুক্ত কৰিবৰ বাবে প্ৰশাসনক সহায় কৰিম” বিধায়ক শ্বেৰমান আলী

প্ৰাৰ্থীসকলে কেৱল মাত্ৰ ১৫ জন লোকক লগত লৈ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাব পাৰিব। প্ৰাৰ্থীয়ে প্ৰচাৰৰ বাবে পাব ২ সপ্তাহৰ সময়। ১৭ ফেব্ৰুৱাৰীত হ’ব মনোনয়ন পত্ৰৰ পৰীক্ষা। ১৫ ফেব্ৰুৱাৰীত হ’ব মনোনয়ন দাখিলৰ অন্তিম দিন।

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২১ ফেব্ৰুৱাৰী। ৰাজ্যৰ ৮০ খন পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে।

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply