মঙলদৈঃ সমাগত পৌৰসভা নিৰ্বাচন। দৰং জিলাৰ তিনিটা পৌৰসভা সমষ্টি ক্ৰমে মঙলদৈ, ছিপাঝাৰ আৰু খাৰুপেটীয়া পৌৰসভা নিজৰ দখলত কৰাৰ উদ্দেশ্যৰে প্ৰচাৰ অভিযান তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।

২২ ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰে ৰাজীৱ ভৱনত দৰঙৰ পৌৰসভা নিৰ্বাচনত মনোনীত প্ৰাৰ্থীসকলৰ লগত জিলা কংগ্ৰেছৰ বিষয়ববীয়াই ৰণনীতি তৈয়াৰ কৰাৰ লগতে প্ৰাৰ্থীসকলক দলৰ ফালৰ পৰা শুভেচ্ছা জনায়।

উক্ত অনুস্থানত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, জিলা কংগ্ৰেছ সভাপতি কামিনী ডেকা, কাৰ্যকৰী সভাপতি চৰিফুল হক,সম্পাদক কন্দৰ্প কলিতাৰ উপৰিও জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থী সকল।

উল্লেখযোগ্য যে, আগন্তুক পৌৰ নিৰ্বাচনত মঙলদৈ পৌৰ সভাৰ ১০টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে ছিপাঝাৰ পৌৰ সভাত তিনিটা ৱাৰ্ড আৰু খাৰুপেটীয়া পৌৰ সভাত চাৰিটা ৱাৰ্ডত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লগতে আন ৱাৰ্ড সমূহত কংগ্ৰেছে চিপিএম, চিপিআই আৰু নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply