নিউজ ডেস্কঃ পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পৌৰসভা নিৰ্বাচনৰ ভোটগণনা। যোৱা ৭ মাৰ্চত অনুষ্ঠিত পৌৰসভা নিৰ্বাচনত ২৫৩২গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াই প্ৰতিদ্বন্দ্বিতা। ৩৬খন নিৰ্বাচনী জিলাৰ মুঠ ৯৭৭টা ৱাৰ্ডত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব ১৬,৭৩,৮৯৯ গৰাকী ভোটাৰে।

ইতিমধ্যে ভোটগণনা পৰ্বৰ অব্যাহত থকা সময়তে দেখা গৈছে যে অধিকাংশ ৱাৰ্ডত বিজেপি বা বিজেপিৰে মিত্ৰতা থকা দলৰ প্ৰাৰ্থী জয়ী হৈছে। কিন্তু তাৰ মাজতে বিৰোধী দলৰ প্ৰাৰ্থীয়েও একেবাৰে পিছ পৰি থকা নাই। দেখা পোৱা গৈছে যে আমগুৰিত বৃহৎ সফলতা লাভ ৰিছে কংগ্ৰেছ দলে। চৰকাৰ নথকাৰ পাছতো আমগুৰিত কংগ্ৰেছে ৪খনকৈ আসন লাভ কৰিছে।

আমগুৰিত অগপ দলৰ বিধায়ক থকাৰ পাছতো দলটোৱে মাত্ৰ ২খন আসনহে লাভ কৰিছে আৰু বিজেপিয়ে লাভ কৰিছে ৩খন আসন। তদুপৰি আমগুৰিত এখন আসন লাভ কৰিছে নিৰ্দলীয় দলৰ প্ৰাৰ্থীয়ে। ইফালে, মৰিয়নীতো দেখা গ’ল বিপৰীত ছবি। মৰিয়নীত এগৰাকী বিজেপি বিধায়ক থকাৰ পাছতো ১০টা ৱাৰ্ডৰ ভিতৰত ৮টা ৱাৰ্ডতে নিৰ্দলীয় প্ৰাৰ্থীয়ে উৰুৱালে বিজয়ধ্বজ্জা।

মন কৰিবলগীয়া যে, মৰিয়নী নগৰৰ ১৭ হাজাৰ ভোটাৰৰ গৰিষ্ঠ সংখ্যকে হৈছে বঙালী ভোটাৰ। অলক ঘোষৰ প্ৰভাৱ থকা বঙালী ভোটাৰ সকলে পূৰ্বৰ দৰে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আনহাতে বিজেপিৰ দলে ৬ নম্বৰ ৱাৰ্ডত কস্তুৰী আগৰৱালা গগৈ আৰু ৭ নম্বৰ ৱাৰ্ডত চুমকি মজুদাৰ জয়ী হয়।

লক্ষণীয় যে, যোৰহাটত দেখা গৈছে কংগ্ৰেছ দলৰ উত্থান। যোৰহাটত ৯টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জয়ী হৈছে যদিও, কংগ্ৰেছ দলৰ প্ৰাৰ্থীও ৮টা ৱাৰ্ডত জয় লাভ কৰিছে। জানিব পৰা মতে, যোৰহাটৰ ১৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী তনুশ্ৰী দত্ত, ১৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ইলোৰা বৰদলৈ, ১৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লখিমী খাৰঘৰীয়া, ৫ নং ৱাৰ্ডত অগপ প্ৰাৰ্থী ৰঞ্জিত শইকীয়াই জয় কৰিছে। আনহাতে, জিলাখনৰ ১০ নং আৰু ৮ নং ৱাৰ্ডত জয়ী হৈছে ক্ৰমে কংগ্ৰেছ প্ৰাৰ্থী চিমি দত্ত বৰা আৰু কাবেৰী দত্ত।

যোৰহাটৰ লগতে নাৰায়ণপুৰতো কংগ্ৰেছৰ বহুত ভাল ফলাফল দেখা গৈছে। নাৰায়ণপুৰত ৫টা ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈছে। তাৰ বিপৰীতে বিজেপিয়ে তিনিটা ৱাৰ্ডত আৰু নিৰ্দলীয় তথা কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীয়ে দুটা ৱাৰ্ডত জয় লাভ কৰিছে। কংগ্ৰেছৰ জয়ী হোৱা প্ৰাৰ্থী কেইজন ক্ৰমে- কুশল নেওগ, ৰূপান বৰা, মায়া চন্দক, জ্যোতিকা শইকীয়া আৰু পল্লৱী হাজৰিকা বনিয়া।

আনহাতে, লখিমপুৰত প্ৰথম গৰাকী আম আদমি পাৰ্টীৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। লখিমপুৰ পৌৰ সভাৰ ১৪ নম্বৰ চি ৱাৰ্ডত আম আদমি পাৰ্টীৰ প্ৰাৰ্থী উদিতা দাসে বিজয় সাব্যস্ত কৰিছে। লগতে আপৰ প্ৰাৰ্থী তিনিচুকীয়াতো জয়ী হৈছে। আৰু পৌৰসভা নিৰ্বাচনত লখিমপুৰ আৰু তিনিচুকীয়াত জয়ী হৈ খাটা খুলিলে আম আদমি পাৰ্টীয়ে।

উল্লেখ্য যে, শিৱসাগৰ পৌৰসভাত বিজেপিয়ে চমকপ্ৰদ সফলতা অৰ্জন কৰিছে যদিও দুটা ৱাৰ্ডত জয়ী হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী। ১ নং আৰু ২ নং ৱাৰ্ডত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হৈছে। অৱশ্যে জিলাখনৰ ১৪টা ৱাৰ্ডৰ ১০টা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে সফলতা অৰ্জন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply