গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ এক নৃশংস হত্যাকাণ্ড। দুৰ্বৃত্তই হত্যা কৰিলে এজন যুৱকক। এতিয়াও চিনাক্ত হোৱা নাই নিহত যুৱকজন।

নিশা পুনৰ এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে মহানগৰীত। মহানগৰীৰ ভাস্কৰ নগৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। এজন যুৱকক দুৰ্বৃত্তই হত্যা কৰি পথৰ ওপৰত পেলাই যায়।

লগতে পঢ়ক :  মুখ্য মন্ত্ৰীৰ দাবীৰ বিপৰীতে মাৰ্ঘেৰিটাত পূৰ্ণগতিত চলি আছে কয়লাৰ অবৈধ সৰবৰাহ

নিহত যুৱকজনৰ শৰীৰত আঘাতৰ চিন দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে যুৱকজনৰ মৃতদহে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নিহত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply