ডুমডুমাঃ ডুমডুমাৰ হাঁহচৰা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। বাগিচাখনৰ ১২নং লাইনৰ খেলপথাৰত হোৱা ফুটবল খেলত সামান্য মতানৈক্যৰ ফলত জুগনু তাঁতী নামৰ এগৰাকী যুৱকক একে লাইনৰ ৰমেন চিকা নামৰ লোকজনে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে।
জানিব পৰা মতে, ফুটবল খেলি থাকোতে জুগনু তাঁতীৰ সৈতে হত্যাকাৰী ৰমেন চিকাৰ পুত্ৰৰ মতানৈক্য হয়, এই বিষয়ে জানিবলৈ পাই সততে কাজিয়া-পেচালত লিপ্ত হোৱা ৰমেন চিকাই ঘৰৰ পৰা চোকা দা আনি জুগনু তাঁতীক আক্ৰমন কৰে।
আৰু পঢ়কঃপিতৃ-মাতৃক হেৰুৱাই দিশহাৰা হৈ পৰিছে মাজুলীৰ তিনিটা কণমানি
আক্ৰমনত জুগনু তাঁতীৰ থিতাতে মৃত্যু হয় । এই ঘটনাত আন এগৰাকী যুৱক আহত হয়।
ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক ৰমেন চিকাক আটক কৰে।
ইফালে, আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে হত্যাকাৰী ৰমেন চিকাৰ বাসগৃহত ৰহস্যজনক ভাৱে অগ্নি সংযোগ হৈ ঘৰত থকা ২ টা ৰন্ধন গেছৰ চিলেণ্ডাৰ বিস্ফোৰিত হৈ ঘৰৰ সকলো আচবাব জুইত জাহ যায়। এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।