গুৱাহাটী : দিনক দিনে মহানগৰী গুৱাহাটীত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। কিছুদিন পূৰ্বে বেলতলাত বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডই জোকাৰি গৈছিল মহানগৰী। পুনৰবাৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে গুৱাহাটীত।
মহানগৰীৰ খানাপাৰাৰ উৰণীয়া সেঁতুৰ কাষত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত এগৰাকী মহিলাৰ কঁকালৰ তলৰ অংশ উদ্ধাৰ হৈছে।
পুৱাৰ ভাগত উৰণীয়া সেঁতুৰ কাষত থকা এটা নলাত উদ্ধাৰ হয় মহিলাৰ কঁকালৰ তলৰ অংশ। কোনো দুৰ্বৃত্তই মহিলা গৰাকীক হত্যা কৰি টুকুৰা-টুকুৰ কৰি পেলাই যায়। মহিলা গৰাকীৰ কঁকালৰ ওপৰৰ অংশ এতিয়াও উদ্ধাৰ হোৱা নাই।
লগতে পঢ়ক : ৰূপহীহাটৰ ছাইদৰীয়াত ডকাইতিকাণ্ড
ঘটনা স্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মহিলা গৰাকীৰ কঁকালৰ তলৰ অংশ উদ্ধাৰ কৰে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মহিলা গৰাকীক হত্যা কৰি দুৰ্বৃত্তই এইদৰে নালাত পেলাই দিয়া বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।