গুৱাহাটী : মহানগৰী গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। এইবাৰ হত্যাকাণ্ড সংঘটিত হোৱা স্থান মালিগাঁও। নিশাৰ ভাগত এজন লোকক কাঠৰ বাটামেৰে মৰিয়াই হত্যা।
দীপাৱালীৰ আনন্দৰ মাজতে মহানগৰী গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে এক হত্যাকাণ্ড।নিশাৰ ভাগত কামলৈ অহা এজন চকিদাৰক কোনো দুৰ্বৃত্তই হত্যা কৰে। কাঠৰ বাটামেৰে চকিদাৰ জনক দুৰ্বৃত্তই মৰিয়াই মৰিয়াই হত্যা কৰে।
লগতে পঢ়ক : ম্যানমাৰৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে ভয়াবহ আক্ৰমণৰ ঘটনা
নিশাৰ ভাগত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচি টিভি কেমেৰাত। নিহত লোকজনৰ নাম তৰুণ ডেকা। মঙলদৈৰ বাসিন্দা তৰুণ ডেকা কৰ্মসূত্ৰে মালিগাঁৱত ভাড়া ঘৰত আছিল। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।