মায়ঙত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই হত্যা কৰিলে নিজ মাতৃক। দিন দুপৰতে পুত্ৰ নাৰায়ণ নাথে কুঠাৰেৰে ডিঙিত ঘপিয়াই হত্যা কৰে মাতৃ যোগেমাই দেৱীক।

হত্যাকাণ্ডত অভিযুক্ত পুত্ৰক আৰক্ষীয়ে ইতিমধ্য আটক কৰিবলৈ সক্ষম হৈছে।

মায়ং থানাৰ অন্তৰ্গত মুৰবৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ৰজামায়ং মুৰবৰী গাঁৱৰ হিতেশ নাথৰ পত্নী আছিল যোগেমাই। জানিব পৰা মতে ইয়াৰ পূৰ্বে তামিলনাডুত কাম কৰিবলৈ গৈ নিজ পত্নীক জ্বলাই হত্যা কৰিছিল নাৰায়ণ নাথে।

হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত নাৰায়ণ নাথে জেইললৈ গৈছিল যদিও জামিনত মুক্ত হৈ এইবাৰ নিজ মাতৃক ডিঙিত কুঠাৰেৰে প্ৰচণ্ড ঘাপ মাৰি হত্যা কৰে। নিচাসক্ত নাৰায়ণ নাথে এজন পূজাৰীকো এবাৰ হত্যাৰ চেষ্টা কৰিছিল।

স্থানীয় ৰাইজৰ মত অনুসৰি উদণ্ড প্ৰকৃতিৰ যুৱক নাৰায়ণ নাথে বিভিন্ন অসামাজিক কামত লিপ্ত হৈ থাকে। যাৰ বাবে ৰাইজে এতিয়া ফাঁচিৰ দাবী উত্থাপন কৰিছে। নাৰায়ণ নাথে যাতে কোনোপধ্যেই যাতে ৰেহাই নাপাই তাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply