বাক্সা : মানুহক টকা-পইচাৰ সমানে প্ৰয়োজন জ্ঞানৰ। এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। বাক্সা জিলাৰ মুছলপুৰত জিলা পুথিভৰাঁল উদ্ধোধন কৰি প্ৰমোদ বড়োৱে কয় যে জ্ঞান বা শিক্ষা আহৰণ কৰিবলৈ এটা পৰিৱেশৰ প্ৰয়োজন।
যি পৰিৱেশ এই পুথিভৰাঁলটোৰ পৰা এই অঞ্চলৰ যুৱক-যুৱতী সকলৰ লগতে অধ্যয়ন কৰি ভাল পোৱা ব্যক্তি সকলে লাভ কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ বাথৌফুৰিত মঙলাবাৰে আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হয় জিলা পুথিভৰাঁল৷ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে উদ্ধোধন কৰে জিলা পুথিভৰাঁলখন৷
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে জিলা পুথিভৰাঁলখন বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰাম দাস বসুমতাৰীৰ নামত নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে৷। পুথিভৰাঁলখন পৰৱৰ্তী সময়ত ই-লাইব্ৰেৰী হিচাপে উন্নত কৰা হ’ব আৰু ইয়াৰ ফলত লোকসেৱাৰ পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰী সকলে লাভাম্বিত হ’ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।
আৰু পঢ়কঃ চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈ
প্ৰমোদ বড়োৱে মুছলপুৰ চহৰখন চাৰিওফালৰ পৰা জাকত জিলিকা কৰি তুলিব বুলি সংবাদ মাধ্যমৰ সন্মুখত আশ্বাস দিয়ে। পুথিভঁৰাল উদ্ধোধনী অনুষ্ঠানত বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, কাৰ্যবাহী সদস্যদ্বয় ৰাকেশ ব্ৰহ্ম, ডা৹ নিলুট স্বৰ্গীয়াৰীৰ লগতে বিটিচিৰ মুখ্য সচিব শান্তনু পি গোটমাৰে উপস্থিত থাকে৷