শিলচৰঃ সংগীত শিকোৱাৰ নামত ৯ বছৰীয়া ছাত্ৰীক শ্লীলতাহানি লম্পট শিক্ষকৰ।

এই জঘন্য ঘটনাটো সংঘটিত হৈছে শিলচৰ ৰংপুৰৰ আঙ্গাৰজুৰ অঞ্চলত ৷

জানিব পৰা মতে, ৯ বছৰীয়া ছাত্ৰী গৰাকীয়ে সংগীতৰ ক্লাছলৈ যাবলৈ আপত্তি জনায় ৷ পিতৃ -মাতৃয়ে ছোৱালী গৰাকীক আপত্তিৰ কাৰণ সোধাত শিশু কন্যাগৰাকীয়ে সংগীত শিক্ষকজনে তেওঁৰ লগত কুকৰ্ম কৰাৰ চেষ্টা চলোৱাৰ কথা অৱগত কৰে ৷

লগতে পঢ়কঃবাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : গ্ৰেপ্তাৰ কাজী

এই ঘটনা জনাৰ পিছত ভুক্তভোগী কন্যাগৰাকীৰ পিতৃ- মাতৃয়ে শিক্ষক শ্যামসুন্দৰ দেবৰ ঘৰত গৈ লম্পট শিক্ষক জনক আটক কৰি খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে আটক কৰে ৬৩ বছৰীয়া সংগীত শিক্ষকজনক।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ মাতৃয়ে ৰংপুৰ আৰক্ষীচকীত শিক্ষক শ্যামসুন্দৰ দেবৰ বিৰুদ্ধে এখন গোচৰ ৰুজু কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply