নিউজ ডেস্কঃ আজি এম ভি গংগা ভিলাসৰ প্ৰথম ৫০ দিনীয়া যাত্ৰাৰ অন্ত পৰিব। ডিব্ৰুগড়ৰ বগীবিলত দিনৰ প্ৰায় ২.৩০ মান বজাত পাবহি বিশ্ব আটাতকৈ দীঘল নদী ভ্ৰমণ কৰা প্ৰথমখন ক্ৰুজ।

বিদেশী যাত্ৰীয়ে প্ৰথম ভ্ৰমণ কৰা এম ভি গংগা ভিলাস ক্ৰুজখন আদৰিবলৈ সাজু হৈছে চৰকাৰ প্ৰশাসন সকলো। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজা উপস্থিতিতে সকলো কামৰ পৰ্যবেক্ষণ কৰি আছে বিদেশী যাত্ৰীক আদৰিবলৈ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৩ জানুৱাৰীত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা ক্ৰুজখন শুভাৰম্ভ কৰে।

জানিব পৰা অনুসৰি, আদৰণি অনুষ্ঠানটোত বাংলাদেশৰ জাহাজ পৰিবহন ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী আৰু সহকাৰী উচ্চায়ুক্ত ৰপহুল আমিনেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে, উপস্থিত থাকিব ভাৰত চৰকাৰৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply