নগাঁও জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান। উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে এমভিআই হেমেন দাসক ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সহযোগী প্ৰনব মহন্ত আৰু বলৱন্ত কৌৰ নামৰ মহিলা কৰ্মচাৰীক।বাহনৰ যোগ্যতাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে লৈছিল। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই মঙ্গলবাৰে সন্ধ্যা বিষয়া জনে কাৰ্যালয়ত বহি উৎকোচ লৈ থকা তথ্য লাভ কৰাৰ পিছতে অভিযান চলাইছিল ৷ এই অভিযানৰ সময়ত ২ লাখ ৬০ হাজাৰ টকাসহ হাতে লোতে ধৰা পৰে এম ভি আই হোমেন দাস ৷
ৰাজ্যৰ এজন ক্ষমতাশালী ব্যক্তিৰ ভাতৃ এইগৰাকী এমভিআই।এমভিআই গৰাকীৰ সৈতে পৰিবহন বিভাগৰ এজন পিয়ন আৰু এজন কৰ্মচাৰীকো আটক কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক- কংক্ৰিটৰ মহানগৰীত এতিয়া মেজিৰ ব্যবসায়
এম ভি আই হোমেন দাসৰ নগাঁৱত থকা ফ্লেটতো আৰক্ষীয়ে অভিযান চলাই। হয়বৰগাঁৱত আছে হোমেন দাসৰ এই ফ্লেটটো। ফ্লেটৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ৪ লাখ টকা। ইতিমধ্যে নগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে আৰক্ষীৰ দল। গুৱাহাটীৰ হাতীগাঁৱত থকা তেওঁৰ বাসগৃহত চলাব অভিযান।