নিউজ ডেস্ক: ‘গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে মোক ধ্বংস কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে অসম আৰক্ষীৰ হতুৱাই মোক গ্ৰেপ্তাৰ কৰাইছিল,’ এই দাবী গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ। আজি নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি বিধায়ক গৰাকীয়ে এই দাবী কৰে।

সংবাদমেলত বিধায়ক গৰাকীয়ে প্ৰধান মন্ত্ৰী মোদীক কটাক্ষ কৰি কয়, ‘মোক গ্ৰেপ্তাৰ কৰাতো হৈছে ৫৬-ইন্সি কাপুৰুষালি কাণ্ড আৰু ই গুজৰাটৰ স্বাভিমানক আঘাট কৰিছে।’

অসম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্য্যক ষড়যন্ত্ৰমূলক আৰু পূৰ্ব পৰিকল্পিত বুলি আখ্যা দি এগৰাকী বিধায়কৰ ক্ষেত্ৰত থকা প্ৰট’কল আৰু নিয়মসমূহক সম্পুৰ্ণৰূপে অৱহেলা কৰা হৈছে বুলি মেৱানীয়ে দাবী কৰে ।

সংবাদমেলত বিধায়ক গৰাকীয়ে গুজৰাটত পোহৰলৈ অহা ২২খনকৈ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা, মুন্দ্ৰা বন্দৰত ১.৭৫ লাখ কোটি মূল্যৰ ড্ৰাগছ ধৰা পৰা আৰু উনাত দলিত তথা সংখ্যালঘুসকলৰ বিৰুদ্ধে থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত অহা ১ জুনত ৰাজপথত আন্দোলন কৰিব বুলি কয়।

লগতে পঢ়ক – কুখ্যাত ড্ৰাগছ মাফিয়া হাজো আৰক্ষীৰ জালত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply