গুৱাহাটী : প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ২০১২ চনত মুকলি কৰা নৱগ্ৰহৰ গেছ চালিত শ্মশান গৃহ আজি কেইবছৰ ধৰি অব্যৱহৃত হৈ পৰি আছে। অসম চৰকাৰৰ পুঁজিৰে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই নিৰ্মাণ কৰা গেছ চালিত শ্মশানখন ইমানদিনে মেৰামতিৰ নোহোৱাত ৰাজহুৱা ধনৰ অপচয় হোৱাৰ লগতে গুৱাহাটীবাসীয়েও এই শ্মশানখন ব্যৱহাৰ কৰিব পৰা নাছিল। এই গেছ চালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰাৰ পদক্ষেপ এতিয়া গ্ৰহণ কৰা হৈছে৷

গুৱাহাটী পৌৰ নিগমৰ নৱনিযুক্ত আয়ুক্ত দেৱাশিস শৰ্মাই শুকুৰবাৰে গেছচালিত শ্মশানখনৰ যন্ত্ৰপাতিৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়, ‘গুৱাহাটীৰ দৰে এখন মহানগৰৰ বাবে গেছচালিত শ্মশানৰ প্ৰয়োজন আছে। গেছচালিত শ্মশানৰ সা-সৰঞ্জামৰ যাৱতীয় মেৰামতি কৰি ইয়াক কাৰ্যক্ষম কৰি তোলা হ’ব।’

লগতে পঢ়ক : ‘হম আইচ’লেশ্বণ’ৰ ক্ষেত্ৰতাে কঠোৰ হ’ব কামৰূপ মহানগৰ জিলা প্রশাসন

গেছচালিত শ্মশানখন পুনৰ কাৰ্যক্ষম কৰি পৰিচালনা কৰাৰ ক্ষেত্ৰত যাৱতীয় সহায় সহযোগ কৰাত আগ্ৰহ দেখুওৱাইছে গুৱাহাটী ৰ’টাৰী ক্লাৱে। ৰটাৰী ক্লাৱৰ একাংশ বিষয়ববীয়াইও নৱনিযুক্ত আয়ুক্ত গৰাকীক শ্মশানথলী পৰিদৰ্শনৰ সময়ত সংগ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply