চতিয়াঃ চতিয়া সমষ্টিৰ খিলঞ্জীয়া লোকসকললৈ ভাবুকি কঢ়িয়াই অনা সন্দেহজনক লোক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিজেপিৰ নদুৱাৰ মণ্ডল কমিটিয়ে এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

নদুৱাৰ মণ্ডল কমিটিৰ সভাপতি জয়ন্ত বৰা, সম্পাদকদ্বয় উৎপল বৰা, কিশোৰ থাপাই নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ দাখিল কৰে।

চতিয়া সমষ্টিৰ দক্ষিণ পশ্চিম প্ৰান্তৰ কেইবাটাও চৰ-চাপৰিত সন্দেহজনক লোকে চৰকাৰী মাটি বেদখল কৰি নিগাজিকৈ বাস কৰি আহিছে ৷ এই সকল সন্দেহজনক লোকে স্থানীয় লোক সকললৈ ভাবুকি কঢ়িয়াই আনিছে ৷

আৰু পঢ়কঃজ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্তক মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব হিচাপে নিযুক্তি

আনকি চৰ-চাপৰি সমূহত বিভিন্ন দুষ্কাৰ্য সংঘটিত কৰি আহিছে এইসকল সন্দেহজনক লোকে ৷ স্থানীয় কৃষিগোট সমূহে কৰা কৃষি ভূমি সমূহ নষ্ট কৰি পেলোৱাৰ উপৰি কৃষিৰ শস্য সমূহ ৰাতিৰ ভিতৰত কাটিলৈ যায় ৷

বিগত বৰ্ষত উক্ত অঞ্চলৰ পৰা ৫২২ টা সন্দেহজনক পৰিয়ালক শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল যদিও পুনৰ উক্ত অঞ্চলৰ চৰকাৰী মাটি বেদখল কৰাৰ পৰিকল্পনা কৰি আহিছে এই সকল লোকে ৷

সময় থাকোতেঁই উক্ত অঞ্চলৰ পৰা সন্দেহজনক নাগৰিক সকলক চিনাক্ত কৰি উচ্ছেদ কৰাৰ লগতে শ শ বিঘা চৰকাৰী ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ স্মাৰক পত্ৰখনত উল্লেখ কৰে নদুৱাৰ মণ্ডল বিজেপিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply