সোণাৰি, ৬ জানুৱাৰী : সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা বাতিলৰ লগতে সেনাৰ গুলীত নিহতৰ পৰিয়ালে ন্যায় পোৱাৰ দাবীত পুনৰ উত্তাল হৈ পৰিছে নগালেণ্ডৰ মন জিলা।
আফস্পা বাতিলৰ দাবীত আজি নগালেণ্ডৰ মন জিলাত বিশাল প্ৰতিবাদী বাইক ৰেলীৰে তীব্র প্ৰতিবাদ সাব্যস্ত কৰিছে কন্যাক ষ্টুডেণ্ট ইউনিয়নে। কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ উদ্যোগত মন জিলাৰ দুশৰোধিক বাইক আৰোহীয়ে এই প্ৰতিবাদী বাইক ৰেলীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে, বিগত বৰ্ষৰ চাৰি ডিচেম্বৰত সেনাৰ গুলীত ১৩ জন নিৰীহ লোক নিহত হোৱাৰ পাছৰেপৰা সমগ্র পাহাৰীয়া ৰাজ্যখনতে সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত আজিৰেপৰা পুনৰ প্ৰতিবাদ আৰম্ভ কৰি অ’টিং বস্তি ঘটনাস্থলীৰ পৰা ম’ন জিলাৰ মন টাওনলৈ প্ৰায় ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইক ৰেলী উলিয়াই কন্যাক ষ্টুডেণ্ট ইউনিয়নে।
মন কৰিবলগীয়া যে নগালেণ্ডৰ মন জিলাত অনুষ্ঠিত হৈ থকা এটা বিশেষ অনুষ্ঠান বাতিল কৰি আজিৰ এই বাইক ৰেলীত অংশগ্ৰহণ কৰে নগালেণ্ডৰ যুৱকসকলে। এই প্ৰতিবাদত টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নৰ লগতে মন জিলাৰ বিভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ সহযোগ কৰে।
লগতে পঢ়ক – বোকাখাতৰ ৰাজহুৱা শ্মশানৰ নৱনিৰ্মিত সমূহীয়া ভৱন উদ্বোধন সাংসদ গৌৰৱ গগৈৰ