নিৰ্বাচনী বতাহ বলি থকা মাজতেই নাগালেণ্ডত এক হিংসাত্মক ঘটনা সংঘটিত হয়। স্হানীয় একাংশলোকে উত্তপ্ত পৰিস্তিতিৰ সৃষ্টি কৰিছে।
বৃহস্পতিবাৰে মোককচাঙৰ ২৪ নং এংগেটয়ংপাং বিধানসভা সমষ্টিৰ এনডিপিপিৰ প্ৰাৰ্থী টংপাং অজুকুমৰ সমৰ্থকসকলৰ ওপৰত অজ্ঞাত কোনো দুষ্কৃতিকাৰীয়ে এম্বুছ কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হয়।
মকোকচুং জিলাৰ অন্তৰ্গত চুৰাংমেন আৰু য়িচেময়ং অঞ্চলৰ মাজত নিশা প্ৰায় ১ বজাত এই ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, মংচেনিমটি গাঁৱৰ পৰা মোককচাঙৰ পথেৰে আহি থকা অৱস্থাত অজুকুমৰ সমৰ্থকসকলক লক্ষ্য কৰি প্ৰায় ৪ ৰাউণ্ডৰ গুলী চালনা কৰে। আৰু এই গুলী চালনাৰ ফলত দুখন বাহনৰ ক্ষতিসাধন হয় লগতে কিছু লোক আহত হয়।
আনহাতে, ঘটনাৰ সন্দৰ্ভত মোককচাঙৰ জিলা থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে। এজাহাৰত আক্ৰমণকাৰীক ২৪ এংগেটয়ংপাং এ/চিৰ নেশ্যনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী এছ মায়ংকাবা অজুকুমৰ সমৰ্থক বুলি উল্লেখ কৰা হৈছে।
এজাহাৰত উল্লেখ আছে যে নিজ নিজ বাহনত বহি এদল ব্যক্তিয়ে পথৰ দুয়ো মূৰৰ পৰা এনডিপিপি সমৰ্থকৰ বাহন আগুচি ধৰে আৰু শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত গুলীচালনা আৰম্ভ কৰে।
জানিব পৰা মতে, আক্ৰমণকাৰীয়ে NL 03 5161 (NL 03 5161) নামৰ এখন alto lx গাড়ীত পলাব চেষ্টা কৰিছিল যদিও পথৰ ওপৰত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। পিছত আক্ৰমণকাৰী পলাই যাবলৈ সক্ষম হয়।
ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।