সোণাৰিঃ নাগালেণ্ডৰ মন জিলাৰ অ’টিংত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অহা উচ্চ পদস্থ তদন্তকাৰী দলে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।
চাৰি ডিচেম্বৰত অটিংবস্তিত সংঘটিত নাৰকীয় কাণ্ডৰ মূল ঘটনাস্থলীৰপৰা তথ্য সংগ্ৰহ কৰি সেনাৰ উচ্চ পদস্থ তদন্তকাৰী দল ইতিমধ্যে উপস্থিত হৈছেহি টিজিত আৰক্ষী থানাত।
চাৰি ডিচেম্বৰত সেনাৰ ২১ পেৰা কামাণ্ডোৰ গুলীত নিহত হৈছিল ১৩ জন নিৰীহ লোক। ইয়াৰ পাছতে তীব্র প্ৰতিবাদ সাব্যস্ত হৈছিল সমগ্র মন জিলাত।
লগতে পঢ়কঃমণিপুৰৰ ৰাজধানী ইম্ফলত শক্তিশালী আই ই ডি বিস্ফোৰণ
কন্যাক ইউনিয়ন, কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ লগতে বিভিন্ন সংগঠনে উচিত তদন্তৰ দাবী জনোৱা পাছত আজি দিনজানস্থিত সেনা শিবিৰৰ দুজন বিগ্ৰেদিয়াৰ, এজন মেজৰ জেনেৰেল আৰু নগালেণ্ডৰ এগৰাকী মহিলা আইপিএছ বিষয়াৰ লগতে কেইবাগৰাকী উচ্চ পদস্থ বিষয়া অ’টিং বস্তিত উপস্থিত হৈ তথ্য সংগ্ৰহ কৰা পাছত টিজিত আৰক্ষী থানাত আলোচনাত মিলিত হৈছে।