কিছুদিন পূৰ্বে পঞ্জাবৰ এগৰাকী ইউটিউবাৰে এটা ভিডিঅ’ত অৰুণাচল প্ৰদেশ ভাৰতৰ অংগ নহয় বুলি কৈ দেশজুৰি সৃষ্টি কৰা বিতৰ্কৰ ঢৌ মাৰ নৌযাওঁতেই এইবাৰ এটা ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলত নাগালেণ্ড সন্দৰ্ভত কৰা হয় এক আজব মন্তব্য।

ৰাষ্ট্ৰীয় চেনেল ইণ্ডিয়া টুডে’ত নাগালেণ্ডৰ আই পি এছ বিষয়া ৰুপিন শৰ্মাৰ সৈতে চেনেলটোৰ এংকৰ ৰাহুল কানৱালৰ এক অনুষ্ঠান সম্প্ৰচাৰ হৈছিল।

অনুষ্ঠান চলি থকাৰ মাজতে নাগালেণ্ডৰ আই পি এছ বিষয়া শৰ্মাৰ ফালে কিছু সময়ৰ বিদ্যুৎ সংযোগ বাতিল হৈ  বাতিল হৈ গৈছিল। সেই সময়ত ৰাহুল কানৱালে শৰ্মাক কথা কৈ যাবলৈ কৈ কয়, ‘চিন্তা নকৰিব! ভাৰততে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হয়, আপুনিটো নাগালেণ্ডত আছে। আপুনি কৈ যাওক’।

উক্ত অংশটো চেনেলটোৰ টুইটাৰ হেণ্ডেলত আপল’ড কৰি দিয়া হৈছিল আৰু ক্ষন্তেক সময়ৰ ভিতৰতে ই ভাইৰেল হৈ পৰে।

নাগালেণ্ডৰ বিধায়ক তথা বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হোনলুমো কিকন (Mmhonlumo Kikon)-এ টুইট কৰি কয়, ‘আমি অতি সোনকালেই ৰাহুল কানৱালক (@rahulkanwal) নাগালেণ্ডলৈ আনিব লাগিব! আমি ডাঙৰ সংবাদ কৰ্মীসকলৰ বাবেও ভূগোল ক্লাছ আৰম্ভ কৰিব লাগিব!’

অৱশ্যে পিছত কিকনৰ টুইটৰ প্ৰত্যুত্তৰত নিজৰ ভূলৰ বাবে ক্ষমা খুজি কানৱালে কয়, ‘জিভা পিছল খাই এয়া হ’বলৈ পালে। মই ক্ষমা বিচাৰিছো। মোৰে কপাল বেয়া, মই দিল্লী বুলিহে ক’ব খুজিছিলো।’

উল্লেখযোগ্য যে যোৱা ২৫ মে’ত পঞ্জাবৰ লুধিয়ানা আৰক্ষীয়ে পাৰশ সিং নামৰ এগৰাকী ইউটিউবাৰক অৰুণাচলৰ বিধায়ক নিনং এৰিং সম্পৰ্কে বৰ্ণ বৈষম্যমূলক মন্তব্য কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। ইউটিউবাৰ গৰাকীয়ে ভিডিঅ’টোত অৰুণাচল প্ৰদেশ ভাৰতৰ অংশ নহয় বুলিও কৈছিল।

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ বিধায়কক লৈ বৰ্ণ-বৈষম্যমূলক মন্তব্য কৰা পঞ্জাবৰ YouTuber-ক আটক

সম্প্ৰতি ইটানগৰৰ সমীপৰ জুলিৰ জিলা কাৰাগাৰত থকা ইউটিউবাৰ পাৰশ সিঙক অৰুণালচ আৰক্ষীয়ে ৰাজ্যখনৰ ইতিহাস, ভূগোল আৰু জনগাঁথনিৰ ওপৰত সম্যক জ্ঞান দিবলৈ চেষ্টা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply