সোণাৰিঃ নাগালেণ্ডৰ ম’ন জিলাৰ অ’টিংবস্তিত যোৱা চাৰি ডিচেম্বৰত সংঘটিত হোৱা নাৰকীয় ঘটনাৰ প্ৰতিবাদত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত শনিবাৰে জিলাখনৰ টিজিতত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

পুৱাৰ ভাগত এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ পাছত টিজিতৰ নামচাত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। চিভিল অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত বহু কেইটা সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় জনতাই অংশগ্ৰহণ কৰে। হাতে হাতে ক’লা পতাকা তথা বিভিন্ন দাবী সম্বলিত ফেষ্টুন লৈ নাৰকীয় ঘটনাৰ প্ৰতিবাদ‌ কৰে প্ৰতিবাদী জনতাই।

লগতে পঢ়কঃচিণ্ঠংপৰিষদীয় সমষ্টিত বিজেপি দলৰ নিৰ্বাচনী কুচকাৱাজ

আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰা জনতাই নাগালেণ্ডত উগ্ৰপন্থী বিচৰাৰ নামত সেনাৰ অত্যাচাৰ সহ্য নকৰে বুলিও হুংকাৰ দিয়ে। কন্যাক জনগোষ্ঠীৰ লোকসকলে কয় যে আফস্পা বাতিল নকৰা পৰ্যন্ত কন্যাক সকল ক্ষান্ত নহয়। হাবিৰ জন্তুক হত্যা কৰাৰ দৰে সেনাই নগালোকক হত্যা কৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহ’ব। লগতে নিহতসকলৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব ।

সেনাৰ হাতত বন্দুক আছে যদিও কন্যাক নগাই ভয় নকৰে, নগাৰ হাতত থকা দা খনেই যথেষ্ট বুলি মন্তব্য প্ৰতিবাদী নগালোকৰ। প্ৰতিবাদী জনতাই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেনাৰ পুত্তলিকাও দাহ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply