নিউজ ডেস্কঃ নগাঁৱত জাৰি কৰা হৈছে ১৪৪ ধাৰা। পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শান্তিপূৰ্ণভাৱে এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰে জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। উল্লেখ কৰাৰ প্ৰয়োজন যে, এই আদেশ অমান্যকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰু অহা ৯ মাৰ্চলৈ এই নিৰ্দেশ জিলাখনত বলবৎ থাকিব।

নগাঁও জিলাত ফৌজদাৰী কাৰ্যবিধিৰ অধীনত ১৪৪ধাৰা জাৰি কৰি কিছু নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে জাৰি কৰা হৈছে এই ধাৰা।

তদুপৰি পৌৰসভা নিৰ্বাচনৰ সময়চোৱাত কোনো লোকে মাৰণাস্ত্ৰ কঢ়িয়াই লৈ ফুৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে আৰক্ষী, নিৰাপত্তাৰক্ষী, বনৰক্ষী, চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply