নগাঁওঃ নগাঁৱৰ বেবেজীয়াত নিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা।তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত থিতাতে নিহত হয় বন বিষয়া সুৰজিৎ সিং। গুৱাহাটীলৈ বিভাগীয় কামত গৈছিল বন বিভাগৰ কৰ্মচাৰীজন ।
উভতি অহাৰ পথত বেবেজীয়াত নিজৰ বাহনৰ পৰা নামি ক্ৰয় কৰিছিল ঘৰুৱা সামগ্ৰী। সামগ্ৰী ক্ৰয় কৰি নিজৰ বাহনলৈ যোৱাৰ সময়তে ট্ৰেভেলাৰখনে খুন্দিয়াই বন বিষয়াজনক।
সুৰজিৎ সিঙক ততাতৈয়াকৈ নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেঁওক মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে, নগাঁও বন সংমণ্ডল কাৰ্যালয়ত দীৰ্ঘদিনে কৰ্মৰত হৈ থকা সুৰজিৎ সিং নগাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতো জড়িত আছিল। বিষয়াগৰাকীৰ অকাল মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।