নিউজ ডেস্কঃ নগাঁও জিলাৰ খালৈগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত এজন।

নিহত বাইক আৰোহী জন বামুণবড়িৰ ফণীন্দ্ৰ কুমাৰ নাথ । আনহাতে গুৰুতৰভাৱে আহত আনজন বাইক আৰোহী কপাহেৰাৰ প্ৰসন্ন কুমাৰ গগৈ ।

ফণীন্দ্ৰ কুমাৰ নাথ কপাহেৰা শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক আছিল আৰু প্ৰসন্ন কুমাৰ গগৈ বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল।

দুয়োগৰাকী বাইকেৰে আহি থকা অৱস্থাত পিছফালৰ পৰা এখন তীব্ৰবেগী অচিনাক্ত বাহনে মহতিয়াই লৈ যায়।

দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বাহন খন।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত তদন্ত আৰম্ভ কৰিছে আৰু অতি সংকটজনক অৱস্থাত প্ৰসন্ন কুমাৰ গগৈক জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।

লগতে মৃতদেহটো নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ফণীন্দ্ৰ কুমাৰ নাথৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

লগতে পঢ়কঃবিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে মহানগৰীত নৃশংস ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply