প্ৰবক্তা ড° জহিৰুল ইছলাম

নগাঁও: ভুৱা টেট শিক্ষকৰ নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ গ্ৰেপ্তাৰ হ’ল নগাৱৰ এজন অধ্যাপক । নগাঁৱৰ আনন্দৰাম ঢ়েকিয়াল ফুকন মহাবিদ্যালয়ৰ আৰবী বিভাগৰ অধ্যাপক ড° জহিৰুল ইছলামক ভুৱা টেট শিক্ষকৰ নিযুক্তি কেলেংকাৰীত জড়িতৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে ।

ভুৱা টেট শিক্ষকৰ নিযুক্তি লাভ কৰা চক্ৰৰ মুল নায়ক ইছলাম উদ্দিনক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওৰ স্বীকাৰোক্তিৰ ভিত্তিতেই গ্ৰেপ্তাৰ কৰে অধ্যাপক জনক ।
প্ৰায় ছবছৰৰ পূৰ্বেও মাদ্ৰাছা টেটত নিযুক্তি দিয়াৰ নামত জহিৰুলে বহু সংখ্যালঘু যুবক যুবতিৰ পৰা উপঢৌকন লোৱাৰ অভিযোগ আছে । সেই সময়ত তেওক গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা কৰিছিল নগাঁৱৰ এজন কংগ্ৰেছ নেতা তথা বৰ্তমানৰ বিধায়কে ।

লগতে পঢ়ক- এটি কিশোৰৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাইত তীব্ৰ প্ৰতিবাদ

এই গৰাকী অধ্যাপকৰ বিৰুদ্ধে বেংকৰ ঋণ লৈ পৰিশোধ নকৰা, বাংলাদেশৰ মেডিকেল কলেজত নামভৰ্তি কৰাই দিয়াৰ নামত হোজাইৰ এজন যুৱবক প্ৰবঞ্চনা কৰাৰ অভিযোগ আছে ।

নগাঁৱৰ এখন ঐতিহ্যমন্ডিত মহাবিদ্যালয়ৰ শিক্ষক হৈও জালিয়াতী লগত জড়িত থকাৰ ঘটনা পোহৰলৈ অহাত বৌদ্ধিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply