নগাওঁঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলাৰ সদস্যয়ে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অব্যাহত ৰাখিছে উৰিয়া গাৱঁত মাটি খনন কাৰ্য। সোমবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই খনন কাৰ্যৰ বিৰোধিতাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উৰিয়া গাঁও বাইপাচত আমৰণ অনশন কায্যসূচী ৰূপায়ন কৰে। 

অনশনস্থলীৰ পৰা অসম জাতীয়তাবদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলাৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়ায়ে কয় যে-  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমীয়া থলুৱা ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক দমন নীতিৰে বন্দুক আৰু লাঠিৰে ভয় ভাবুকি দেখুৱাই অন্যায় ভাবে আমাৰ বিৰুদ্ধে কাম চলাই গৈছে। উৰিয়া গাঁওৰ ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিগত দিনত ৰাজহ চক্ৰ বিষয়াৰ লগত কথা পাতি নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছিলো। কিন্তু সেই আলোচনা ব্যৰ্থ হ’ল। নগাঁও জিলাৰ প্ৰশাসনে কোনো ধৰণৰ ভয় ভাবুকিৰে আমাৰ এই গণতান্ত্ৰিক আন্দোলনক বন্ধ কৰিব নোৱাৰিব। 

ইফালে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ প্ৰাক্তন সভাপতি দ্বীপ বৰাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰোধিতা কৰি মন্তব্য কৰে যে- ৰাজনৈতিক স্বাৰ্থৰ লাভালাভৰ বাবে এইখন বিজেপি চৰকাৰে বহিৰাগত বনিক গোষ্ঠীক বৰপীৰা পাৰি দিছে। অসমৰ থলুৱা দুখীয়া ৰাইজক পেটে ভাতে মৰাৰ চেষ্টা কৰিছে। ইয়াৰ পৰাই প্ৰমাণ হয় যে- বিজেপি চৰকাৰে কেৱল পুঁজি পতিৰ বাবেহে কাম কৰে।

আনহাতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমৰণ অনশন কায্যসূচীত অংশ গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ নেতা উৎপল বনিয়াও ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এই কাৰ্যৰ বিৰোধিতা কৰে। তেওঁৰ মতে অসমত বৰ্তমান ৰেগিং আৰু সাম্প্ৰদায়িক সংঘৰ্ষ। এই ক্ষেত্ৰত বুবা হৈ আছে স্থানীয় বিধায়ক জিতু গোস্বামী আৰু সাংসদ প্ৰদ্যুত বৰদলৈ। সাধাৰণ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত কথা পাতিব নোৱাৰে কিন্তু মন্ত্ৰী বিধায়কে পাৰে। এই অঞ্চলত ৪ খন বিদ্যালয় আছে। অসমৰ প্রথম খন মজলীয়া বালিকা বিদ্যালয় আছে। ইয়াৰ পৰাই সাহিত্য সভাৰ সভাপতি হৈছিল। এনেকুৱা এখন ঐতিহাসিক ঠাইক ধ্বংশ কৰাৰ পৰিকল্পনা চলিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply