নগাঁওঃ আজি বছৰৰ শেষ দিনহে, জীৱনৰ শেষ দিন নহয়। নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। বছৰৰ শেষ দিনটোত নগাঁও আৰক্ষীয়ে লাভ কৰা সফলতাৰ বিষয়ে সদৰি কৰি আয়োজন কৰা এক সংবাদমেলত এই মন্তব্য আৰক্ষী অধীক্ষকগৰাকীৰ ।

নৱবৰ্ষ উপলক্ষে সুৰাৰ ৰাগীত মতলীয়া হৈ অত্যাধিক গতিবেগত বাহন চলোৱা সকললৈ এই সাৱধানবাণী আৰক্ষী অধীক্ষক গৰাকীৰ। উল্লেখযোগ্য যে, প্ৰতিবছৰেই সুৰামক্ত চালকৰ অতপালিৰ বাবেই বছৰৰ প্ৰথম দিনটোতে কাল অমানিশা নামি আহে বহু পৰিয়াললৈ।

আনহাতে বিগত ২০১৯ আৰু ২০২০ বৰ্ষৰ দৰে এইবাৰো নগাঁও জিলাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত সম্পূৰ্ণৰূপে গঁড়হত্যা ৰোধ কৰাত সফল হয়। লগতে ২০২১বৰ্ষত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল কুখ্যাত ইফুৰ লগতে বহুতো ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়াক।

ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত নগাঁও আৰক্ষীৰ জালত পৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়া ৷ আৰ কে হকিন্সন নামৰ আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীজনক আৰক্ষীয়ে ননৈৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷ ধৃত মাফিয়া জন অৰুণাচলৰ এজন বিধায়কৰ হত্যাৰেও জড়িত আছিল ৷ এই মাফিয়াজনক নিয়াই দীৰ্ঘ দিনে বিচাৰি আছিল ৷

উল্লেখযোগ্য যে, ২০২১বৰ্ষত নগাঁও আৰক্ষীয়ে সৰ্বমুঠ ৬৫কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৩৪কোটি টকাৰ ড্ৰাগছ দাহ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। ড্ৰাগছ ব্যৱসায়ীৰ পৰা জব্দ কৰিছে সৰ্বমুঠ ৮লাখ টকা।

ড্ৰাগছৰ বিৰুদ্ধে চলা এই অভিযান কালত ২৮ কোটি টকাৰ বজাৰ মূল্যৰ ৪ কেজি হেৰ’ইন , ৩ কোটি টকা মূল্যৰ ৩কেজি ৩ শ ৯ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷ লগতে ৪ লাখ ১৯ হাজাৰ ২৫৬ টা ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা নিচায়ুক্ত টেবলেট জব্দ কৰিছে ৷ ইয়াৰ বাহিৰেও প্ৰায় ১৫ হাজাৰটা কফ চিৰাপৰ বটল জব্দ কৰে ৷ নগদ ৯ লাখ টকা ড্ৰাগছ ব্যৱসায়ীৰ পৰা উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰে জৰিত ৫৬ খন গাড়ীও উদ্ধাৰ কৰে ৷

চলিত বৰ্ষৰ মে’ মাহৰ পৰা জিলাখনত ১১ টাকৈ এনকাউন্টাৰ সংঘটিত হৈছে ৷ এই এনকাউন্টাৰ কেইটা ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত সংঘটিত হৈছে ৷ জিলাখনত প্ৰথমটো এনকাউন্টাৰ ২৯ মে’ত সংঘটিত হৈছিল ৷ মনচুৰ আলিৰে হোৱা এনকাউন্টাৰত আৰক্ষীয়ে নাইন এম এম পিস্তল ৬ ৰাউণ্ড গুলী আৰু চাৰি বাকচ হেৰ’ইন উদ্ধাৰ কৰিছিল ৷ এই এনকাউন্টাৰটোৰ নেতৃত্ব বহন কৰিছিল এ এছ পি ধ্ৰুব বৰাই ৷ ড্ৰাগছ বিৰোধী অভিযানৰ সময়ত ৰাজ্যৰ ভিতৰতে নগাঁৱত সৰ্বাধিক এনকাউন্টৰ সংঘটিত হৈছিল বুলিব পাৰি ৷

লগতে পঢ়কঃবছৰৰ অন্তিম দিনটোতো নগাওঁ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা

চোৰাং গৰু চোৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত ১০৭৮ টা গৰু উদ্ধাৰ কৰাৰ লগতে ১৭৬ জন চোৰাং বেপাৰীক জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বছৰটোত গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ৷ গৰু সৰবৰাহত ব্যৱহাৰ হোৱা ৭৮ খন গাড়ীও জব্দ কৰে ৷ আৰক্ষীৰ অভিযানত ১৯ টা মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয় ৷ মাৰণাস্ত্ৰৰ লগতে ৭০ জাঁই সজীব গুলীও জব্দ কৰে আৰক্ষীয়ে ৷ বিশেষকৈ ৬০ জন ডকাইতৰ পৰা এই মাৰণাস্ত্ৰ খিনি উদ্ধাৰ হয়।

ইপিনে হেলমেট নিপিন্ধা বাইক আৰোহীৰ পৰা জৰিমনাৰ বাবদ সংগ্ৰহ কৰিছে সৰ্বমুঠ ১কোটি ১৭লাখ টকা। আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় নগাঁও আৰক্ষীৰ তীব্ৰ অভিযানৰ বাবেই বৰ্তমান নগাঁৱৰ ৯৫শতাংশ বাইক আৰোহীয়ে হেলমেট পৰিধান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply