নিউজ ডেস্ক : নগাঁও আৰু কাচাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা সম্ভৱ নহয়। মঙলবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা স্বীকাৰ কৰে।
নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰাৰ অন্তত সাংবাদিকৰ আগত ড০ শৰ্মাই এইদৰে কয়।
কাগজ কলৰ পৰিৱৰ্তে সেই ঠাইত অন্য উদ্যোগ স্থাপন কৰাৰ সন্দৰ্ভত চৰকাৰে সোনকালে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।
আনহাতে, কাগজ কলৰ কৰ্মচাৰীসকলৰ প্ৰাপ্ত ধন আদায় দিয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৬২০ কোটি টকা ধাৰ্য কৰা হৈছে বুলি উল্লেখ কৰি কাগজ কলৰ বিষয়া আৰু কৰ্মচাৰী পৰিষদৰ মাজৰ খেলিমেলিৰ বাবে ক্ষতিপূৰণৰ কাম ৰৈ আছে বুলি শৰ্মাই কয়।
অৱশ্যে অহা ১০ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীৰ প্ৰাপ্ত ধন আদায় দিবৰ বাবে অসম চৰকাৰ সাজু বুলি মুখ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে হিন্দুষ্টান পেপাৰ কৰ্পৰেশ্যনৰ অধীনত থকা নগাঁও আৰু কাচাৰ কাগজ কল দুটা ক্ৰমে ২০১৭ আৰু ২০১৫ চনৰ পৰা বন্ধ হৈ আছে।
যোৱা জুন মাহত হিন্দুষ্টান পেপাৰ কৰ্পৰেশ্যনৰ লিকুইডেটৰে কাগজ কল দুটাৰ নিলামৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল।
লগতে পঢ়ক : অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত অসমৰ চাহ উদ্যোগ; উৎপাদন ব্যয় বৃদ্ধিৰ বিপৰীতে তললৈ নামিছে চাহৰ মূল্য