নগাঁওঃ ৰাজ্যৰ বিভিন্ন ঔষধ বিক্ৰী প্ৰতিষ্ঠানত বিক্ৰী হৈ আছে ভেজাল ঔষধ। নগাঁও আৰক্ষীৰ জালত পৰিল ভেজাল ঔষধ চক্ৰৰ নায়ক।়
Udiliv 300tab, Taxim – O 200 Tab 10 Gemcal cap আদি বহু ঔষধৰ নকল ঔষধ বিক্ৰী কৰিছিল চক্ৰটোৱে।
লগতে পঢ়কঃদক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ২০২২ চনৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ
নুৰজামাল আলী নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত চলিছিল এই চক্ৰটো। নগাঁৱৰ কঢ়ালিগাঁৱৰ বাবলু মেডিকেলত ঔষধ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল নুৰজামাল। নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙৰ নেতৃত্বত চলিছিল এই অভিযান।