নগাঁওঃ নগাঁও হয়বৰগাঁও আৰক্ষীৰ বৃহৎ সাফল্য। সোমবাৰে নিশা হয়বৰগাঁও আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ হেৰ’ইন আৰু গাঞ্জা। আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত মহিলা সহ পাঁচ জন লোকক গ্ৰেপ্তাৰ কৰিছে ৷

হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খুটিকটীয়াত চলাই এই অভিযান।

লগতে পঢ়কঃমুখখন সাইলাখ মানুহৰ দৰে! এটা ছাগলী পোৱালিক লৈ ৰাইজৰ কৌতুহল

অভিযানত সাত লাখ টকাৰ হেৰ’ইন আৰক্ষীয়ে উদ্ধাৰ কৰে। এটা সৰু বাকচ আৰু ৫৩ টা কন্টেনাৰত হেৰ’ইন খিনি ভৰোৱা আছিল। খুটিকটীয়া ৰেল লাইনৰ কাষত থকা এটা ভাড়া ঘৰত থাকি অজয় দাস নামৰ যুৱকজনে হেৰ’ইন বিক্ৰি কৰি আহিছিল। এই ঘটনাৰে জড়িত বিজয় দাস, অজয় দাস আৰু অনিমা দাসকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, আটকাধীন লোক কেইজন মাতৃ পুত্ৰ ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীয়ে নগাঁৱৰ ধিঙ গেটৰ পৰা হেৰ’ইন খিনি আনি বিক্ৰি কৰি থকা বুলি আৰক্ষীক স্বীকাৰ কৰিছে।

আনহাতে হয়বৰগাঁও কেৰেলা বাছ ষ্টেণ্ডৰ পৰা এহাল যুৱক – যুৱতীক কৰায়ত্ব কৰিছে হয়বৰগাওঁ আৰক্ষীয়ে। ধৃত যুৱক-যুৱতীদ্বয়ৰ নাম আব্দুল হানিফ আৰু ৰুকচানা খাতুন। দুয়োৰে জিম্মাৰ পৰা ৫০০ গ্ৰাম গাঞ্জা উদ্ধাৰ কৰে হয়বৰগাঁও আৰক্ষীয়ে।


Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply