নগাঁওঃ জলসিঞ্চন বিভাগত চাকৰিৰ নামত কেলেংকাৰী।
উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
জয়ৰাম বাহাদুৰ ৰায় নামৰ কৰ্মচাৰী গৰাকীয়ে লৈছিল উৎকোচ।
ইতিমধ্যে জয়ৰামে ধন সচিবালয়ৰ এজন বিষয়াক দিয়াৰ কথা স্বীকাৰ কৰিছে।
লগতে পঢ়কঃজেহাদীৰে সম্পৰ্ক থকাৰ সন্দেহত আৰক্ষীৰ জালত মাদ্ৰাছাৰ অধ্যক্ষ
সচিবালয়ৰ দূৰ্গা দাস নামৰ বিষয়াগৰাকীক ধন দিছিল জয়ৰামে।
দুগৰাকী মহিলাৰ পৰা ৩লাখ ৪০ হাজাৰ টকা সংগ্ৰহ কৰিছিল ।
এগৰাকী মহিলাক ভুৱা নিযুক্তিপত্ৰও প্ৰদান কৰিছিল চক্ৰটোৱে।
ড্ৰাগছৰ গোচৰত অভিযুক্ত হৈ চাকৰিৰ পৰা নিলম্বিত হৈছিল জয়ৰাম।