নগাঁওঃ উৎকোচ দি হাতে-লোটে ধৰা পৰিছে খোদ আৰক্ষীৰ কৰ্মী। আৰক্ষী থানাত পোষ্টিং বিচাৰি নগাঁৱৰ সহকাৰী উপ পৰিদৰ্শক আব্দুল মতলিবে ১০ হাজাৰ টকা ঘোচ দিবলৈ আহিছিল জিলাখনৰ উপ আৰক্ষী অধীক্ষক ত্ৰিদিৱ কুমবাঙক।
সেই সময়তে উপ আৰক্ষী অধীক্ষক গৰাকীয়ে আটক কৰে মতলিবক। ইফালে, এই সন্দৰ্ভত নগাঁৱৰ এছ পি লীনা দলেয়ে কয়- ”এজন এএছআই আব্দুল মতলিব ৰিজাৰ্ভত আছিল। তেওঁৰ থানাত পোষ্টিং হোৱা নাছিল। থানাত পোষ্টিঙৰ বাবে ডিএছপি হেড কোৱাৰ্টাৰৰ ৰূমত সোমাইছিল। ডিএছপি হেড কোৱাৰ্টাৰক তেওঁ অনুৰোধ কৰিছিল যে থানাত তেওঁ পোষ্টিং দিব লাগে।”
লগতে এছ পি গৰাকীয়ে কয়- ”টকা দিয়াত ডিএছপি হেড কোৱাৰ্টাৰে এটা গোচৰ ৰুজু কৰিছে। আমি ইতিমধ্যে আব্দুল মতলিবক আটক কৰিছো। আৰু পিচি এক্টৰ অধীনত এটা কেচ হ’ব।” উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰিজাৰ্ভ ক্ল’জ হৈ আছিল আব্দুল মতলিব।
এইটো এটা অতি উপযোগী ৱেবছাইট। যাৰ দ্বাৰা আমাৰ অসমবাসীয়ে বহুতো সাম্প্ৰতিক বিষয় পঢ়িব আৰু জানিব পাৰিব। এই ৱেবছাইটো বনোৱাৰ বাবে ইয়াৰ কৰ্ম-কৰ্তা সকলক অলেখ ধন্যবাদ। ৱেবচাইটো ভৱিষ্যতলৈও বিকশিত কৰি ৰাখিবলৈ অনুৰোধ জনালো ।