নগাঁওঃ শনিবাৰে নিশা নগাঁৱৰ হাঁহচৰা বজাৰত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। দিদাৰুল ইছলাম নামৰ যুৱক জন বজাৰ কৰি বাইকেৰে ঘৰলৈ ঘূৰি গৈ থকা অৱস্থাত হাঁহচৰা বজাৰৰ সমীপত দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে।
জানিব পৰা মতে, দিদাৰুল ইছলামক বাইকৰ পৰা নমাই মোচাৰক আৰু ইকবাল নামৰ দুই যুৱকে দাৰে ঘপিয়াই আক্ৰমণ কৰে। আঘাতপ্ৰাপ্ত দিদাৰুলক সংকটজনক অৱস্থাত ততাতৈয়াকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
মোচাৰক আৰু ইকবাল নামৰ দুই যুৱকে দিদাৰুলক কিয় দাৰে আঘাত কৰিলে বৰ্তমানলৈকে জানিব পৰা নাই।